শেহতীয়াকৈ NEET-PG পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰিছিল শিক্ষাৰ্থী সমাজ আৰু বিৰোধী শিবিৰ। তীব্ৰ প্ৰতিবাদৰ পিছতেই স্থগিত হৈ থকা NEET-PG পৰীক্ষা পুনৰ চলিত মাহতেই অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
নেচনেল টেষ্টিং এজেঞ্চী (NTA)ৰ বিশেষ সূত্রই সদৰী কৰিছে এই তথ্য। এইবাৰ যাতে কোনো প্ৰকাৰেই প্রশ্নকাকত ফাদিল হ’ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ পৰীক্ষা আৰম্ভ হোৱাৰ মাত্র দুঘণ্টা পূর্বেহে প্রশ্নকাকত চূড়ান্ত কৰাৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে।
বিগত ২৩ জুনত NEET-PG পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ মাত্র কিছু সময় পূর্বে মেডিকেল স্নাতকোত্তৰ স্তৰৰ এই প্রৱেশিকা পৰীক্ষা স্থগিত বখাৰ সিদ্ধান্ত লৈছিল NTA-ই।
স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে NTAৰ অধীনত একাধিক পৰীক্ষা পদ্ধতিক লৈ প্রশ্ন উঠিছে। গতিকে NEET-PG পৰীক্ষা পিছুৱাই দিয়া হয়। চলিত মাহৰ শেষৰ সপ্তাহত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে চাইবাৰ অপৰাধ প্ৰতিৰোধ শাখাৰ বিষয়ববীয়া সকলৰ সৈতে হোৱা এক বৈঠকত গৃহ মন্ত্রালয়ৰ বিষয়ববীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।