তীব্ৰ প্ৰতিদ্বন্দ্বিতাত যদিও মীৰা বৰঠাকুৰ নামিছিল, তথাপিও বিজুলী কলিতা মেধিয়ে আজুৰি নিলে বিজয়ৰ তাজ। মীৰা বৰঠাকুৰে নাপালে গুৱাহাটীৰ দায়িত্ব। বিজুলী কলিতা মেধিয়ে কোৱাৰ দৰেই দায়িত্ববোৰ পালন কৰিবনে? তাৰ বাবে গুৱাহাটীৰ জনতাই দৃষ্টিত ৰাখিব বিজুলী কলিতা মেধিক। বিজুলী কলিতা মেধিয়ে ২,৫১,০৯০টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। মীৰা বৰঠাকুৰে লাভ কৰিছে ৬,৪৩,৭৯৭টা ভোট। পূৰ্বে ডেপুটি মেয়ৰ হিচাপে কাম কৰা বিজুলী কলিতা মেধিয়ে এইবাৰ সদনত ক’ব গুৱাহাটীৰ সমস্যাৰ কথা।
গুৱাহাটীয়ে যাতে নৰূপ লাভ কৰে তাৰ বাবে সদায়ে কাম কৰি যাব লাগিব বিজুলী কলিতা মেধিয়ে। শিক্ষকতাৰ বৃত্তিয় নিয়োজিত হৈ থকা বিজুলী কলিতা মেধিৰ শেহতীয়াকৈ এটা শ্লোগান চৰ্চাত। কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। গুৱাহাটীৰ প্ৰধান সমস্যা সমূহ যদি খৰতকীয়াকৈ সমাধান কৰিব পাৰে তাৰ বাবে গুৱাহাটীবাসীৰ অনুৰোধ। সৰু সৰু সমস্যাকে ধৰি গুৱাহাটীৰ বিভিন্ন বিপদজনক সমস্যাৰ হয়তো অন্ত পেলাবলৈ সক্ষম হ’ব বিজুলী কলিতা মেধিয়ে।