৫৪৩। মেজিক নম্বৰৰ এইবাৰ কাৰো নাই। অঘটন যদি হয় তেন্তে উলমি থাকিব চৰকাৰ। সেয়ে মোদীৰ বাবে এতিয়া চৰকাৰ গঠনৰ বাবে মেজিক মেন হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। সমীকৰণৰ খেল খেলিব নীতিশ আৰু নাইডুৱে। অংকত জংক পংক লগাব পাৰে নীতিশ আৰু নাইডুৱে।
প্ৰায়েই গাদীৰ বাবে দল এৰা নীতিশ কুমাৰৰ ওপৰত সকলো ভৰষা। এইবাৰ নীতিশ কুমাৰে অকলেই লাভ কৰিছে ১২খনকৈ আসন। আনহাতে বিজেপিয়ে বিহাৰত লাভ কৰিছে ১২খনকৈ আসন। সেয়ে অতি মুখ্য ভূমিকাত আছে নীতিশ কুমাৰ। যদিহে মোদীৰ সংগ এৰাৰ কথা নীতিশ কুমাৰে চিন্তা কৰে তেন্তে অঘটন নিশ্চিত।
অঘটনৰ আন এক কাৰণ হৈ পৰিছে অন্ধ্ৰৰ নাইডু। কাৰণ এইবাৰ অন্ধ্ৰপ্ৰদেশত নাইডুৰ যাদু চলিছে। নাইডুৱে অকলেই ১৬খন আসন লৈ শক্তিশালী ৰূপত আছে। এন ডি এৰ মিত্ৰজোঁটৰ নাইডুৰ দলে অকলেই লাভ কৰিছে ১৬খনকৈ আসন। আনহাতে অন্ধ্ৰত বিজেপিয়ে পাইছে মাত্ৰ ৩খনকৈ আসন।
এতিয়া মুখ্য কথাটো হৈছে নীতিশ আৰু নাইডুৰ যদি বিজেপিৰ প্ৰতি মোহভংগ হয় তেন্তে বিপদ নিশ্চিত।
নীতিশ কুমাৰৰ ১২খন আসন, নাইডুৰ ১৬খন আসনে এতিয়া ভাৰতৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। নীতিশ – নাইডুৱে যাতে অঘটন ঘটাব নোৱাৰে তাৰ বাবে সাজু হৈ আছে মোদী চৰকাৰ।
কোনো কাৰণত যাতে হৰ্ছ ট্ৰেডিং নহয় তাৰ বাবে প্ৰতিটো ক্ষণ দৃষ্টিত ৰাখিছে মোদীৰ বাঘা বাঘা নেতাই। ২৯২খন আসন লাভ কৰা এন ডি এৰ বাবে এতিয়া মেজিক মেন হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু।