লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কম্পিত হৈছে তীব্ৰ জোকাৰণি। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে বাহিনীৰ কেইবাগৰাকীও সাংসদ উদ্ধৱ থাকৰেৰ সম্পৰ্কত আছে।
মহাৰাষ্ট্ৰত একনাথ সিন্দে বাহিনী শিৱসেনাই ৭ গৰাকী সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰে অধিকাংশ সাংসদ উদ্ধৱ থাকৰেৰ সৈতে সম্পৰ্কত আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাজনৈতিক মহলৰ খবৰ অনুসৰি উদ্ধৱ থাকৰেই সিন্দে বাহিনীৰ সাংসদক নিজৰ পক্ষত আনি এন ডি এ বাহিনীক মোক্ষম আঘাত দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
ইয়াৰ পূৰ্বে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত অৰ্থাত মঙলবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম শীৰ্ষ নেতা শাৰদ পাৱাৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ প্ৰধান নীতিশ কুমাৰ আৰু টিডিপি প্ৰধান চন্দ্ৰবাবু নায়ডুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে।
উল্লেখ্য যে, মঙলবাৰে ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএ লাভ কৰিছে সংখ্যাগৰিষ্ঠতা। কিন্তু এইবাৰ এনে বহু ৰাজ্য আছিল য’ত এন ডি এ আৰু বিজেপিৰ প্ৰদৰ্শন বৰ ভাল নাছিল। সেই ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে মহাৰাষ্ট্ৰ। ইয়াত বিজেপি-শিৱসেনা-এনচিপিকো সামৰি লোৱা ৰাজ্যিক পৰ্যায়ত গঠন হোৱা মহাযুতি মিত্ৰজোঁটে মাত্ৰ ১৭খন আসনহে লাভ কৰিছে। ইয়াত বিজেপিয়ে ৯খন, শিৱসেনাই ৭খন আৰু এনচিপিয়ে ১খন আসন লাভ কৰিছে। সূত্ৰ অনুসৰি সাতজন সাংসদৰ আধাতকৈ অধিক সাংসদ উদ্ধৱ থাকৰেৰ সৈতে যোগাযোগত আছে।
এমভিএই ৩০খন আসন লাভ কৰিছে
আনহাতে, এমভিএই ৩০খন আসন লাভ কৰিছে। দেশত অনুষ্ঠিত লোকসভা নিৰ্বাচনত এন ডি এয়ে মুঠ ২৯৩ খন আসন লাভ কৰিছে। আনহাতে ইণ্ডিয়া এলায়েন্সে ২৩৪খন আসন লাভ কৰিছে। ইয়াৰ পাছতো ইণ্ডিয়া এলায়েন্সৰ নেতাসকলেও দাবী কৰি আছে যে তেওঁলোকৰ চৰকাৰ গঠনৰ সম্ভাৱনা এতিয়াও আছে। এই কাৰণেই সূত্ৰ অনুসৰি ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে আন দলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছে। অৱশ্যে ইণ্ডিয়া এলায়েন্সৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ৰ সংখ্যা সংগ্ৰহ কৰাটো ইমান সহজ নহ’ব।