সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়া যি শুব নিদিয়ে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ এই আপ্ত বাক্যশাৰী সঁচা প্ৰমাণিত কৰি দেখুৱালে উত্তৰ প্ৰদেশৰ এগৰাকী IAS বিষয়াই।
জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজতো এইগৰাকী IAS বিষয়াই নিজৰ সপোন পূৰণ কৰাই নহয় বিশ্ব ক্ৰীড়া ক্ষেত্ৰত উজ্বলালে ভাৰতৰ নাম।
আমি উল্লেখ কৰা ৰাজপত্ৰিত বিষয়াগৰাকী হৈছে উত্তৰ প্ৰদেশৰ ক্ৰীড়া সচিব সুহাছ এল ৱাই। সুহাছে ইতিহাস সৃষ্টি কৰি পেৰা বেডমিণ্টনত ১ নম্বৰ ৰেংকিং লাভ কৰিছে। বহু সংগ্ৰামৰ অন্তত সুহাছে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
কৰ্ণাটকৰ শিগোমা চহৰত জন্মগ্ৰহণ কৰিছিল সুহাছ এল ৱাইৰ। জন্মৰ পৰাই তেওঁ বিশেষভাৱে সক্ষম। তেওঁ কানাড়া ভাষাত শিক্ষা আৰম্ভ কৰে। ইয়াৰ পিছত ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত নামভৰ্তি ল’বলৈ যাওঁতে ৩খন বিদ্যালয়ে তেওঁৰ নামভৰ্তি ল’বলৈ অস্বীকাৰ কৰিছিল।
ইয়াৰ পিছত চতুৰ্থখন বিদ্যালয়ে তেওঁক নামভৰ্তি কৰিবলৈ অনুমতি দিয়ে। ভৰিৰ সমস্যা থকাৰ পিছতো সুহাছ এল ৱাই হ’ব বিচাৰিছিল এগৰাকী খেলুৱৈ। সৰুৰে পৰাই তেওঁৰ সপোন আছিল দেশৰ হৈ খেলা আৰু জয়ী হোৱাৰ। পৰিয়ালে সুহাছক সম্পূৰ্ণ সহায় সহযোগিতা কৰিছিল।
২০০৭ চনত তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উত্তৰ প্ৰদেশৰ কেডাৰ লাভ কৰিছিল।
২০১৫ চনৰ আশে-পাশে তেওঁক আজমগড়ৰ জিলা দণ্ডাধীশ নিযুক্তি দিয়া হয়। ইয়াত অফিচৰ ক্লান্তি দূৰ কৰিবলৈ তেওঁ বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰিলে। লাহে লাহে তেওঁ ভাল খেলিবলৈ আৰম্ভ কৰিলে আৰু পেছাদাৰী বেডমিণ্টনত অন্য এক পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হয়।
ইয়াৰ পিছত প্ৰয়াগৰাজকে ধৰি বহু জিলালৈ তেওঁৰ বদলি হয় যদিও খেলৰ প্ৰতি থকা হাবিয়াহ শেষ নহ’ল। ২০১৬ চনত চীনত খেলা এছিয়ান পেৰা চেম্পিয়নশ্বিপত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল সুহাছে। ইয়াৰ পিছত ২০২০ চনত টকিঅ’ পেৰালিম্পিকত ৰূপৰ পদক আৰু ২০২৪ চনত থাইলেণ্ডত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে।
শেহতীয়াকৈ সুহাছে পেৰা বেডমিণ্টন বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানত অধিষ্ঠিত হয়। তেওঁ ফ্ৰান্সৰ মহান শ্বাটলাৰ লুকাছ মাজুৰক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে।