আজি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বিজেপিৰ নায়ব সিং ছৈইনীয়ে। আজি দিনৰ ১১ বজাত অনুষ্ঠিত হয় এই শপত গ্ৰহণ কাৰ্যসূচী।এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
পঞ্চকুলাৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ প্ৰায়সকল জ্যেষ্ঠ নেতা। শপতগ্ৰহণৰ পূৰ্বে পুৱাই ভগৱান বাল্মিকী ভৱনত পূজা অৰ্চনা কৰে ছৈনীয়ে।
ইফালে, শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক অৰ্চনা গুপ্তাই হাৰিয়ানাত মহিলাসকলৰ অৱদান সন্দৰ্ভতো এক বক্তব্য ৰাখে। তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় এক লাখৰো অধিক লোকে সাক্ষী হয়। “কেৱল হাৰিয়ানাই নহয়, সমগ্ৰ দেশৰ মহিলাসকল প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আছে।
পঞ্চকুলাত বিজেপি বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত ছৈইনীক সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহও এই বৈঠকত উপস্থিত আছিল, যিয়ে নায়বক পুনৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছিল।
পঞ্চকুলাত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নাড্ডা, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। সেয়েহে, নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।
এইবাৰ, বিজেপিয়ে হাৰিয়ানা বিধানসভাত ৪৮ খন আসন লাভ কৰিছে, আনহাতে কংগ্ৰেছৰ আসন ৩৭ খন আসনলৈ হ্ৰাস পাইছে।
লোকসভা নিৰ্বাচনৰ পূৰ্বে, বিজেপিয়ে মনোহৰ লাল খট্টৰৰ ঠাইত নায়ব ছৈইনীক মুখ্যমন্ত্ৰীৰূপে বিবেচনা কৰিছিল। মনোহৰ লাল খট্টৰৰ ঠাইত ছৈইনীয়ে মাৰ্চ মাহত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এতিয়া দলটোৰ অ’বিচি মুখ ছৈইনীয়ে কুৰুক্ষেত্ৰ জিলাৰ লাডৱা আসনৰ পৰা জয়লাভ কৰিছে।