আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সপোন যেন ছিন্ন-ভিন্ন হৈ পৰিছে। ফ্ৰান্স সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ইউৰোপীয় নেতাসকলে ইউক্ৰেইনৰ নিজা মাটি আছে আৰু ই নিজৰ যুঁজ বুলি কৈছে।
ইয়াৰ বাবেই ইউক্ৰেইনৰ জনসাধাৰণে নিজৰ ভৱিষ্যতৰ বাবে নিজেই সিদ্ধান্ত লোৱা উচিত। ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ইউক্ৰেইনৰ সমস্যা সন্দৰ্ভত কথা পাতি ইয়াৰ সমাধানৰ চেষ্টা কৰিবলৈ আগ্ৰহী আছিল।
আচলতে আলাস্কাত পুটিন আৰু ট্ৰাম্পৰ মাজত এখন বৈঠক হ’বলৈ গৈ আছে। ইয়াৰ ঠিক পূৰ্বেই ইউৰোপীয় নেতাসকলে কৈছিল যে, অৰ্থপূৰ্ণ আলোচনা কেৱল যুদ্ধবিৰতিৰ বাবে বা শত্ৰুতা হ্ৰাসৰ বাবেহে হ’ব পাৰে। তেওঁলোকে বিশ্বাস কৰে যে, ইউৰোপ আৰু ইউক্ৰেইনৰ নিৰাপত্তা স্বাৰ্থ সুৰক্ষিত কৰাৰ একমাত্ৰ উপায় কূটনৈতিক সমাধান। হাংগেৰীৰ বাহিৰে ইউৰোপীয় ইউনিয়নৰ সকলো সদস্য দেশৰ নেতাই ইয়াক সমৰ্থন কৰিছে।