গুজৰাটত মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলং ভাঙি পৰিছে। এই পৰ্যন্ত ৫ খন বাহন ভাঙি দলঙত পৰি গৈছে। ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোকক উদ্ধাৰ কৰা হৈছে।
১৯৮৫ চনত নিৰ্মাণ কৰা এই দলংখন মুখ্যমন্ত্ৰীয়ে কাৰিকৰী বিশেষজ্ঞক স্থানলৈ প্ৰেৰণ কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে।
দলং ভাঙি পৰাৰ ঘটনা সন্দৰ্ভত পথ আৰু নিৰ্মাণ বিভাগৰ সচিব পি আৰ পটেলিয়াই কয় যে, গম্ভীৰা দলঙৰ ক্ষতি হোৱাৰ তথ্য তেওঁলোকে লাভ কৰিছে যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষজ্ঞৰ এটা দল স্থানলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানেও এই দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে।











