বুধবাৰ অৰ্থাত কাইলৈৰ পৰা আৰম্ভ হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। আঠটা দলে অংশ ল’বলগীয়া এই প্ৰতিযোগিতাখন পাকিস্তানৰ তিনিখন চহৰ আৰু ডুবাইত ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈকে চলিব।
এইবাৰৰ এই প্ৰতিযোগিতাখন হৈছে নৱম সংস্কৰণ। ইয়াৰ পূৰ্বে হৈ যোৱা আঠটা সংস্কৰণত কেৱল অষ্ট্ৰেলিয়া আৰু ভাৰতেহে দুবাৰকৈ জয়ী হৈছিল।
চেম্পিয়নছ ট্ৰফীৰ ইতিহাস
বহুত কম সংখ্যক ক্ৰিকেট অনুৰাগীয়েহে জানে কেতিয়াৰ পৰা আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী, কেনেকৈ কোৱালিফাই কৰে দলসমূহে আৰু প্ৰতিযোগিতাখনত কিয় অংশ লয় আঠটা দলে। এই প্ৰতিবেদনৰ জৰিয়তে জনাম সবিশেষ…
আই চি চি চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি হৈছিল ১৯৯৮ চনত। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনক নকআউট ট্ৰফী বুলি জনা গৈছিল। সেইবাৰ নকআউট ট্ৰফীৰ চেম্পিয়ন হৈছিল দক্ষিণ আফ্ৰিকা।
ইয়াৰ দুবছৰ পিছত অৰ্থাত ২০০০ চনত প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয়। এইবাৰ এই প্ৰতিযোগিতাখনৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী দিয়া হয়। এতিয়ালৈকে মুঠ আঠবাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ চেম্পিয়ন হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, ৱেষ্টইণ্ডিজ আৰু পাকিস্তানে এবাৰকৈ চেম্পিয়ন হৈছে।
কিয় ৮টা দলে অংশ লয়
আমি উল্লেখ কৰিছো যে ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনক নকআউট ট্ৰফী নামেৰে নামাকৰণ কৰা হৈছিল। সেয়ে প্ৰতিযোগিতাখনত প্ৰতিটো দলৰ প্ৰথমখন মেচ কোৱাৰ্টাৰ ফাইনেল আছিল। অৱশ্যে টুৰ্ণামেণ্টখনত ৯টা দলে অংশ লৈছিল যদিও প্ৰিলিমিনৰী মেচত নিউজিলেণ্ড দলে জিম্বাবৱেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
ইয়াৰ পিছৰ বাৰৰ পৰা প্ৰতিযোগিতাখনৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী দিয়া হয় আৰু আঠটা দলৰ মাজতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, আই চি চি এদিনীয়া বিশ্বকাপৰ পইণ্টছ টেবুলত শীৰ্ষ আঠটা দলত থকা দল কেইটাই চেম্পিয়নছ ট্ৰফীৰ বাবে কোৱালিফাই কৰে।