জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান। জম্মু-কাশ্মীৰৰ ৰাজ্যপালৰ দায়িত্বত আছিল সত্যপাল মালিক। ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে সত্যপাল মালিকে। ৫ জুলাই অৰ্থাৎ আজি দিনৰ ১ বজাত দিল্লীৰ ৰাম মনোহৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মালিকে।
পুলৱামা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ৰাজ্যপালৰ দায়িত্বত আছিল মালিক।পুলৱামা আক্ৰমণক লৈ পৰৱৰ্তী সময়ত কেইবাটাও বিতৰ্কত সোমাই পৰিছিল মালিক।
সত্যপাল মালিকে ২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে জম্মু-কাশ্মীৰৰ অন্তিম ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁৰ কাৰ্যকালত ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিলৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। তাৰ পিছত জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল।
ইয়াৰ পিছত তেওঁ বিহাৰ আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ পুলৱামা আক্ৰমণত নিৰাপত্তাৰক্ষীৰ ত্ৰুটি আৰু কিৰু জলবিদ্যুৎ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগৰ বিষয়ত তেওঁ মুকলিকৈ কথা কৈছিল, যাৰ বাবেও তেওঁ বিতৰ্কৰ মাজত আছিল। পিছলৈ তেওঁ বিজেপিৰ বিশিষ্ট সমালোচক হৈ পৰে।