প্ৰায় তিনি দশকৰ মূৰত আই চি চি টুৰ্ণামেণ্ট আয়োজন কৰা পাকিস্তানে লজ্জাজনকভাৱে বিদায় ল’বলগীয়া হ’ল চেম্পিয়নছ ট্ৰফীৰ পৰা। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীত আয়োজক দেশ পাকিস্তানে জয়ৰ মুখ নেদেখাকৈয়ে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’বলগীয়া হোৱাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।
নিউজিলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত আশা কৰা হৈছিল যে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত বাংলাদেশৰ বিৰুদ্ধে জয়ী হৈ কিছু পৰিমানে মানসিক সন্তুষ্টি লভি নিজৰ অভিযান সামৰিব পাকিস্তানে। কিন্তু এই আশাতো চেচাপানী ঢালে বৰষুণে। নেৰানেপেৰা বৰষুণৰ বাবে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচখন বাতিল হয়।
উল্লেখ্য যে, যোৱা কিছু দিন ধৰি ৰাৱালপিণ্ডিত ধাৰাসাৰ বৰষুণ অব্যাহত আছিল। ইয়াৰ পূৰ্বে এই একেখন খেল পথাৰত বৰষুণৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন বাতিল কৰিবলগীয়া হৈছিল। বৃহস্পতিবাৰেও পুৱাৰে পৰা বৰষুণ অব্যাহত থকাত সময়ত পাকিস্তান-বাংলাদেশৰ মেচখন বাতিল কৰাৰ কথা ঘোষণা কৰে।
দলৰ শোচনীয় প্ৰদৰ্শনৰ বাবে ইতিমধ্যে পাকিস্তানৰ অনুৰাগীৰ মাজত তীব্ৰ ক্ষোভ অসন্তুষ্টি দেখা পোৱা গৈছে। ক্ৰিকেট বিশেষজ্ঞৰ লগতে দেশখনৰ অনুৰাগীয়ে দলৰ খেলুৱৈৰ লগতে মেনেজমেণ্টক তীব্ৰ ভাষাৰে গৰিহণা দিছে।
স্মৰ্তব্য যে, আজিৰ মেচখনৰ অৱশ্যে কোনো গুৰুত্ব নাছিল। আজিৰ মেচখন আছিল কেৱল নিয়ম মাফিক। কিয়নো বাংলাদেশ আৰু পাকিস্তান দুয়োখন দেশেই ভাৰত আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে।
ইতিমধ্যে গ্ৰুপ ‘এ’ৰ পৰা নিউজিলেণ্ড আৰু ভাৰতে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। গ্ৰুপ এ’ৰ অন্তিমখন মেচত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড। বৰ্তমান গ্ৰপ এ’ৰ পইণ্টছ তালিকাত শীৰ্ষত আছে নিউজিলেণ্ড।