ঝাৰখণ্ডৰ ছৰাইকেলা জিলাৰ নিমডিহ থানা এলেকাত শনিবাৰে সাম্প্ৰদায়িক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী অনুসৰি, এই অঞ্চলটোত এগৰাকী হিন্দু ছোৱালীক এজন মুছলমান ল’ৰাই অপহৰণ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজে।
এই সময়ছোৱাতে প্ৰতিবাদকাৰীসকলে ঝিমডি মাৰ্কেটৰ একাংশ বাণিজ্যিক প্ৰতিষ্ঠানত জুই লগাই দিয়ে। পৰিস্থিতি অধিক বেয়া হয়, যেতিয়া প্ৰতিবাদকাৰীয়ে আৰক্ষী বাহিনীক আক্ৰমণ কৰে। আক্ৰমণকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে তাতক্ষণিকভাৱে বাবে শূন্যলৈ গুলীচালনা কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক আৰু চাণ্ডিল ডি এছ পিয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী।
শান্তি বজাই ৰাখিবলৈ ঝিমডি অঞ্চলত উপস্থিত হৈছে কেইবাজনো শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া। একে সময়তে শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবেও প্ৰশাসনৰ ফালৰ পৰা প্ৰচেষ্টা অব্যাহত আছে।