দেশ জোকাৰি গৈছে কলিকতাৰ গণ ধৰ্ষণৰ ঘটনাই। মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। অসমৰ বিভিন্ন প্ৰান্ততো অব্যাহত আছে প্ৰতিবাদ।
কামৰূপ জিলাৰ ছয়গাঁও ৰাজীৱ ভৱনত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংশগ্ৰহণ কৰিছে।
আনহাতে, মহিলা চিকিৎসকৰ সৈতে হোৱা পাশৱিক ঘটনাৰ উচিত তদন্তৰ দাবীত ছয়গাঁও মহাবিদ্যালয়ৰ NSUI গোটে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিবাদত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছেমিনাৰ হলত অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছিল ৩১ বছৰীয়া চিকিৎসকগৰাকীৰ মৃতদেহ। চিকিৎসালয়খনৰ কেইবাজনো ইণ্টাৰ্ণ আৰু চিকিৎসক এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে।