আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক লৈ আগবঢ়াইছে এক ডাঙৰ বক্তব্য। ৫ ছেপ্টেম্বৰত তেওঁ কয় যে আমেৰিকাই ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাইছে।
কেইঘণ্টামানৰ পাছত তেওঁ স্পষ্ট কৰি দিয়ে যে, ভাৰতক লৈ তেওঁ অতি হতাশ কাৰণ ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰি আছে। এই কাৰণেই তেওঁৰ চৰকাৰে ভাৰতৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে বুলি ট্ৰাম্পে দাবী কৰে।
অৱশ্যে সমালোচনাৰ মাজতে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগত সম্পৰ্ককো আলোকপাত কৰে। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ বহুত ভাল সম্পৰ্ক আছে। তেওঁ এজন মহান ব্যক্তি। ট্ৰাম্পে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ হোৱাইট হাউছ ভ্ৰমণৰ কথাও স্মৰণ কৰে।
সংবাদ মাধ্যমে যেতিয়া তেওঁ ভাৰতৰ সৈতে পুনৰ সম্পৰ্ক উন্নত কৰিবলৈ সাজু নেকি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিলে যে, এই ক্ষেত্ৰত তেওঁ সদায় সাজু আছে। মোদী এজন অতি ভাল প্ৰধানমন্ত্ৰী। এই সময়ত তেওঁৰ কিছুমান কথা ট্ৰাম্পৰ ভাল লগা নাই, কিন্তু ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি শক্তিশালী আৰু বিশেষ। ইয়াত চিন্তাৰ কোনো কাৰণ নাই।
ট্ৰাম্পে লগতে কয় যে, ভাৰতকে ধৰি বহু দেশৰ সৈতে বাণিজ্যিক আলোচনা ভালদৰে চলি আছে আৰু ইয়াৰ ফলাফল ইতিবাচক হৈ আহিছে। তেওঁ কয় যে, আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক বৰ্তমান কিছু কঠিন পৰ্যায়ত আছে।