১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰে। ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰে যদিও চূড়ান্ত চুক্তিত উপনীত নহ’ল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, সম্পূৰ্ণ চুক্তি নোহোৱালৈকে কোনো চুক্তি নহ’ব। তেওঁ স্বীকাৰ কৰে যে কিছুমান বিষয়ত সহমত হৈছিল যদিও কিছুমান পইণ্ট এতিয়াও বাকী আছে। পুটিনে এই আলোচনাক ‘নিবিড় আৰু উপযোগী’ বুলি অভিহিত কৰি কয় যে ৰাছিয়াই আন্তৰিকতাৰে ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাব বিচাৰে, কিন্তু ইয়াৰ ‘বৈধ উদ্বেগ’ৰ যত্ন ল’ব লাগিব।
আলাস্কাৰ এংকৰেজত অনুষ্ঠিত এই বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধি দল উপস্থিত থাকে। দুয়োগৰাকী নেতাই শীৰ্ষ উপদেষ্টাৰ সৈতে তিনিৰ বিপৰীতে তিনি ফৰ্মেটত সাক্ষাৎ কৰে। ট্ৰাম্পৰ সৈতে মাৰ্কো ৰুবিঅ’ আৰু উইটকফৰ লগতে আন একাংশ বিষয়াও আছিল। ৰাছিয়াৰ ফালৰ পৰা পুটিনৰ সৈতে আছিল চাৰ্গেই লাভৰভ, বিত্তমন্ত্ৰী এণ্টন ছিলুৱেনভ আৰু অৰ্থনৈতিক উপদেষ্টা কিৰিল ডিমিট্ৰিয়েভ। ৰাষ্ট্ৰপতি পুটিনক আমেৰিকাত আদৰণি জনাইছিল বি-২ বোমাৰু বিমানে। পুটিন ৰেড কাৰ্পেটত উপস্থিত হোৱাৰ লগে লগে ট্ৰাম্পে হাত চাপৰি বজাইছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পে বিমানত বহি প্ৰায় আধা ঘণ্টা অপেক্ষা কৰিছিল পুটিন আলাস্কা পোৱাৰ বাবে।
ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনক নাটোত যোগদানৰ উচ্চাকাংক্ষা ত্যাগ কৰি ইতিমধ্যে নিজৰ পূব অঞ্চল ৰাছিয়াৰ হাতত গতাই দিবলৈ দাবী জনাইছে। ইউক্ৰেইনে এই দাবীসমূহ নাকচ কৰি কয় যে যিকোনো শান্তি চুক্তিয়ে নিৰাপত্তাৰ নিশ্চয়তা দিব লাগে যাতে ৰাছিয়াই পুনৰ আক্ৰমণ নকৰে।
হোয়াইট হাউছলৈ উভতি অহাৰ পূৰ্বে ট্ৰাম্পে কয় যে পুটিনৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে। তেওঁ এই যুদ্ধৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনক দোষাৰোপ কৰি ২৪ ঘন্টাত শান্তি আনিব পাৰে বুলি দাবী কৰে। কিন্তু ২৮ ফেব্ৰুৱাৰীত হোৱাইট হাউছত কেইবাবাৰো কথা-বতৰা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক ৰাজহুৱাভাৱে ধমক দিয়াৰ পিছতো পুটিনে কোনো চুক্তিৰ লক্ষণ প্ৰকাশ কৰা নাছিল।