অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ২০২৫ৰ ফেব্ৰুৱাৰী মাহৰ ১৫ৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব।এই বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক টুইট যোগে সদৰী কৰিছে।
এই পৰীক্ষা দুটা সময়সূচীত অনুষ্ঠিত হ’ব। প্ৰথম চিফ্টত পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব আৰু দ্বিতীয় চিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব।
অহা২১ আৰু ২২ জানুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব।
১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা পৰীক্ষাৰ ঘোষিত সময়সূচীও দিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে-
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত সূচীখন হল-
১৫ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী
১৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব MIL
২১ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সাধাৰণ গণিত
২২ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ঐচ্ছিক বিষয়, দুপৰীয়া ১:৩০ বজাত ঐচ্ছিক বিষয়
২৪ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞান
২৫ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ফাইন আৰ্ট(ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত- বড়ো (ঐচ্ছিক)
২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সমাজ বিজ্ঞান
২৮ ফেব্ৰুৱাৰীত দুপৰীয়া ১:৩০ বজাত অসমীয়া (ঐচ্ছিক)
১ মাৰ্চত পুৱা ৯ বজাত হিন্দী (ঐচ্ছিক)
২ মাৰ্চত পুৱা ৯ বজাত ঐচ্ছিক বিষয়ৰ উচ্চ গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, আৰবী, পাৰ্চী, নেপালী
ইফালে প্ৰ-পত্ৰ পূৰণৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প’ৰ্টেল মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত পৰ্টেল খুলি দিয়া হ’ব।
অহা ২৭ নৱেম্বৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব মাচুল।অফলাইনৰ জৰিয়তে কোনোধৰণৰ প্ৰ-পত্ৰয়েই গ্ৰহণ কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে পৰিষদে।