বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেড ৰিজাৰ্ভে সূতৰ হাৰ ৫০ বেছিছ পইণ্টলৈ হ্ৰাস কৰিছে, যিয়ে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। যাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ সূতৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পাইছে। ফেড ৰিজাৰ্ভে সুদীৰ্ঘ ৪ বছৰৰ পিছত সূতৰ হাৰ হ্ৰাস কৰিছে।
বিশেষজ্ঞসকলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকৰ মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ এক প্ৰকাৰ সমাপ্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত, বিশ্বৰ আন কেন্দ্ৰীয় বেংকবোৰেও সূতৰ হাৰ হ্ৰাস কৰাৰ বিষয়ে বিবেচনা কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে।
ফেডাৰেল ৰিজাৰ্ভৰ এই সিদ্ধান্তৰ পিছত এতিয়া আমেৰিকাৰ শ্বেয়াৰ বজাৰত উত্থান ঘটিছে। কৰোণা মহামাৰীৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰিছে। চলিত বৰ্ষত ফেডাৰেল ৰিজাৰ্ভে সূতৰ হাৰ ০.৫০ শতাংশ কৰ্তন কৰি সকলোকে আচৰিত কৰি তুলিছে।
আমেৰিকান ডলাৰত হ্ৰাস
আনহাতে, আমেৰিকান ডলাৰ সূচকত এক ডাঙৰ হ্ৰাস দেখা গৈছে। ফেড ৰিজাৰ্ভৰ সিদ্ধান্তৰ পিছত, ডলাৰ সূচক ০.৫৪ শতাংশ হ্ৰাস পাইছে।মুদ্ৰা বিশেষজ্ঞসকলৰ মতে, ডলাৰ সূচকো ১০০ স্তৰৰ তললৈ আহিব পাৰে। বিগত ৩ মাহত, ডলাৰ সূচক প্ৰায় ৫ শতাংশ হ্ৰাস পাইছে। একে সময়তে, যোৱা এসপ্তাহত ডলাৰ সূচক ১.৩১ শতাংশ হ্ৰাস পাইছে।
ইউএছ ফেড ৰিজাৰ্ভৰ সূতৰ হাৰ হ্ৰাস হোৱাৰ পিছত বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত বৃদ্ধি হ’ব পাৰে। আইটি আৰু বেংকিং ষ্টকত ইয়াৰ ডাঙৰ প্ৰভাৱ দেখা যাব। ডলাৰ সূচকৰ পতনে টকাৰ মূল্য বৃদ্ধি কৰিব। ভাৰতৰ আইটি কোম্পানী যেনে টিচিএছ, ইনফোচিছ, উইপ্ৰো, এইচচিএল টেকৰ শ্বেয়াৰ বৃদ্ধি পাব পাৰে। আনহাতে, কোমেক্সত সোণ আৰু ৰূপৰ মূল্য অভিলেখ স্তৰত উপনীত হৈছে। যাৰ ফলত ভাৰতৰ এমচিএক্স বজাৰত সোণৰ মূল্য বৃদ্ধি হ’ব পাৰে।