ছত্তীশগড়ৰ গৰিয়াবন্দত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা মনোজ ওৰফে বালকৃষ্ণকে ধৰি ১০ জন সদস্য নিহত হোৱাৰ খবৰ পোৱা গৈছে। এয়া নিৰাপত্তাৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।
শোভা থানা আৰু মইনপুৰ থানা এলেকাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে এই অভিযান চলাইছে। অৱশ্যে এতিয়াও এই এনকাউণ্টাৰ চলি আছে।
এই এনকাউণ্টাৰত শীৰ্ষ নেতা মনোজ নিহত হোৱাৰ খবৰ পোৱা গৈছে আৰু তেওঁৰ বয়স ৫৮ বছৰ। মনোজ ওৰফে বালকৃষ্ণ তেলেংগানাৰ ৱাৰংগল জিলাৰ বাসিন্দা আছিল। মৃত মনোজৰ মূৰৰ মূল্য আছিল ১ কোটি টকা।
উল্লেখ্য যে, ছত্তীশগড়ৰ পৰা মাওবাদী সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি ধাৰাবাহিকভাৱে চলাই গৈছে অভিযান। নিৰাপত্তাৰক্ষীৰ নিৰন্তৰ অভিযানত মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ কামাণ্ডাৰৰ ইতিমধ্যে মৃত্যু হৈছে।
ইফালে, ইতি পূৰ্বেই গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰি থৈছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশৰ পৰা নিৰ্মূল হ’ব মাওবাদীৰ সমস্যা। গৃহমন্ত্ৰীৰ এই ঘোষণা আৰু প্ৰতিশ্ৰুতিৰ পিছতেই মাও অধ্যুষিত অঞ্চলসমূহত অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাৰক্ষীয়ে।