তুৰ্কীৰ এটা কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। দেশখনৰ মন্ত্ৰী আলী য়েৰলিকায়াই ঘটনাৰ নিশ্চিতি প্ৰদান কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জনায়।
এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা ফটোত দেখা যায় বিস্ফোৰণৰ পিছতে কাৰখানাটোৰ অট্টালিকাটোত জুই আৰু ধোৱাৰে আগুৰি ধৰে।
এই বিস্ফোৰণটো বালিকেছিৰ প্ৰান্তৰ কাৱাক্লি নামৰ এখন গাঁৱত থকা কাৰখানাত সংঘটিত হৈছে। স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি, ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলত উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা চলায়।