বুধবাৰে মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয়। প্ৰায় ৬ ঘণ্টা ধৰি চলা গুলীচালনাত ১২ জন মাওবাদী নিহত হয়।
চৰকাৰী সূত্ৰই জনোৱা অনুসৰি ইণ্টালা গাঁৱৰ সমীপত প্ৰায় ১২-১৫ জন মাওবাদীয়ে শিবিৰ পাতি আছিল। এই তথ্য লাভ কৰাৰ পিছতে উপ-আৰক্ষী অধীক্ষকৰ (অপাৰেচন) নেতৃত্বত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০ বাহিনীৰ এটা বৃহত দলে ঘটনাস্থললৈ ৰাওনা হয়।
দুয়ো পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলীৰ অন্তত ৩টা এ কে ৪৭. ২টা INSAS, এটা কাৰবাইন, এটা SLRকে ধৰি ৭টা স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ জব্দ কৰা হৈছে।
নিহত নক্সালসকলৰ ভিতৰত এজন ডিভিচিএম লক্ষ্মণ আত্ৰম, বিশাল আত্ৰম, যি টিপাগড় বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে আন নিহত মাওবাদী কেইজনৰ পৰিচয় উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
উল্লেখ্য যে, এই সংঘৰ্ষত এজন পি এছ আই আৰু এজন টি-৬০ বাহিনীৰ এজন জোৱান আহত হয়। অৱশ্যে দুয়োজন জোৱান বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।