শনিবাৰে নিশা পশ্চিম বংগৰ উত্তৰ প্ৰান্তত হোৱা মূষলধাৰ বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আহিছে। নেৰানেপেৰা বৰষুণৰ ফলত দাৰ্জিলিঙৰ মিৰিক আৰু সুখিয়া পোখৰিত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে উদ্ধাৰকাৰী দলে।
ইফালে নিশাৰে পৰা হৈ থকা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি দাৰ্জিলিঙৰ সকলো পৰ্যটনস্থলী সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। ভূমিস্খলনৰ ফলত পশ্চিম বংগ আৰু ছিকিম সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
ৰোহিনী ৰোড আৰু কুৰ্চেয়ঙৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। দুধেইৰ এখন দলং ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
জলপাইগুৰি আৰু শিলিগুৰিত এতিয়াও ধাৰাসাৰ বৰষুণৰ হৈ থকাৰ লগতে কোচবিহাৰৰ কেইবাটাও স্থানত পানী জমা হোৱাৰ খবৰ পোৱা গৈছে।