দিল্লীৰ মচনদ হেৰুওৱা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিত মোক্ষম আঘাত। শনিবাৰে দলটোৰ ১৫ গৰাকী পাৰিষদে দলত্যাগ কৰে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত এয়া আপৰ বাবে অন্যতম বৃহত আঘাত হিচাপে পৰিগণিত হৈছে।
দলত্যাগ কৰাই নহয় এই ১৫ জন পাৰিষদে নতুনকৈ দল গঠন কৰাৰ কথাও ঘোষণা কৰিছে। নতুন দলটোৰ নাম দিয়া হৈছে ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টি।
দল ত্যাগ কৰা এই বিদ্ৰোহী নেতাসকলৰ মাজত দিল্লী পৌৰসভাৰ আপৰ নেতা মুকেশ গয়ালো আছে। এই নেতাগৰাকীৰ নেতৃত্বতে আপৰ পাৰিষদসকলে দলত্যাগ কৰে।
উল্লেখ্য যে, বিগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে এইসকল পাৰিষদে কংগ্ৰেছ দল ত্যাগ কৰি আপত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁলোকে আপৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভো কৰে। মুকেশ গয়ালে ২০২১ চনত কংগ্ৰেছ ত্যাগ কৰি আপলৈ আহিছিল।
শনিবাৰে আপ ত্যাগ কৰাৰ পাচত দলৰ নেতৃত্বক দোষাৰোপ কৰি গয়ালে কয় যে জনসাধাৰণৰ হৈ একো কাম কৰিব পৰা নাই। ইয়াৰ বাবে দলীয় দলীয় অন্তৰ্কন্দলক জগৰীয়া কৰে তেওঁ।