শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সম্প্ৰদায়ৰ কেইবাটাও জাতীয় সংগঠনৰ মাজত চলি থকা সংঘাতৰ মাজতে গহপুৰৰ ককিলাগুৰিৰ ১৭ টাকৈ পৰিয়ালে অৱশেষত শংকৰ সংঘ ত্যাগ কৰি আহোমৰ নিজ পৰম্পৰা ফুৰালুং ধৰ্ম গ্ৰহণ কৰে।
উল্লেখ্য যে, গহপুৰৰ ককিলাগুৰিত অনুষ্ঠিত মে-ডাম-মেফিত সভাপতিত্ব কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চাও চন্দ্ৰ বৰুৱাক ধৰ্ম দণ্ড আৰু সংস্কাৰৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই আহোম জাতীয় সংগঠনৰ সৈতে শংকৰ সংঘৰ সংঘাত আৰম্ভ হৈছিল।
ইয়াৰ পিছতে আজি ধলপুৰৰ যোৰহটীয়া চাও চেং ৰেণ নামৰ টাই উপাসনাস্থলীত ফুৰালুং পৰম্পৰাত দীক্ষিত হয় গহপুৰৰ ককিলাগুৰিৰ ১৭টা পৰিয়াল।
উল্লেখ্য যে, মে-ডাম-মেফিত অংশ লোৱাৰ বাবে শংকৰ সংঘই চন্দ্ৰ বৰুৱাৰ পৰিয়ালক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহিছিল। শংকৰ সংঘৰ এই কাণ্ডৰ পিছতে ৰাজ্যত আৰম্ভ হয় প্ৰতিবাদ তথা প্ৰতিক্ৰিয়াৰ।
এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাই আহোম যুৱ পৰিষদৰ লগতে আহোম সংগঠনসমূহে। কিন্তু শংকৰ সংঘই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত নাচোৰবান্দা স্থিতি লৈছে টাই আহোম যুৱ পৰিষদে। আহোম সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰাও পৰিলক্ষিত হৈছিল।