আজিৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা। মঙলবাৰে আবুধাবিত এছিয়া কাপৰ উদ্বোধনী মেচত হংকঙৰ সন্মুখীন হ’ব আফগানিস্তান। বুধবাৰে ডুবাইত ভাৰতে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ খেলিব ইউ এ ইৰ বিৰুদ্ধে।
এইবাৰৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। ১৪ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ হাই ভল্টেজ মেচত ভাৰত সন্মুখীন হ’ব চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ। এইবাৰ ভাৰতীয় দলটোক এছিয়া কাপৰ খিতাপৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে।
উল্লেখ্য যে, এইবাৰৰ এছিয়া কাপত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ইক গ্ৰুপ-এত স্থান দিয়া হৈছে। একে সময়তে গ্ৰুপ-বিত আফগানিস্তান, হংকং, বাংলাদেশ আৰু শ্ৰীলংকাৰ দলক অন্তৰ্ভুক্ত কৰা হৈছে।
অহা ২০ ছেপ্টেম্বৰৰ পৰা এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ মেচ। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচ। এই প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ মাজত তিনিবাৰকৈ মুখামুখি হোৱাৰ সম্ভাৱনা আছে।