কানাডাৰ অণ্টাৰিঅ’ প্ৰদেশৰ হেমিল্টন চহৰত সংঘটিত এক গুলীচালনাৰ ঘটনাত অস্বাভাৱিকভাৱে মৃত্যুক আকোৱালি লয় এগৰাকী ভাৰতীয় ছাত্ৰীয়ে। ২১ বছৰীয়া ছাত্ৰীগৰাকীৰ নাম হৰছিমৰত ৰান্ধৱা।
জানিব পৰা অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত হৰছিমৰতে এটা বাছ ষ্টেশ্যনত ৰৈ আছিল। সেই সময়তে চাৰিচকীয়া বাহনত অহা দুজন লোকৰ মাজত গুলীচালনা সংঘটিত হয় আৰু ইয়াৰে এটা গুলী ভাৰতীয় ছাত্ৰীগৰাকীৰ বুকুত লাগে।
এই ঘটনাৰ পিছত লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱাই যদিও প্ৰাণ ৰক্ষা কৰিবলৈ সফল নহ’ল চিকিসক। মোহাক কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কানাডালৈ গৈছিল।
দুই অস্ত্ৰধাৰীৰ মাজত হোৱা এই গুলীচালনাৰ ঘটনাৰ সৈতে হৰছিমৰত জড়িত নহয় আৰু তেওঁ সম্পূৰ্ণ নিৰ্দোষী বুলি মন্তব্য কৰিছে স্থানীয় আৰক্ষীয়ে। ইফালে টৰণ্টোস্থিত ভাৰতৰ কনছুলেট জেনেৰেলে এই ঘটনাৰ দুখ প্ৰকাশ কৰি আৰক্ষীয়ে যাতে উচিত তদন্ত কৰাৰো দাবী জনায়।