দেওবাৰে ৰাতিপুৱা ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওঘৰ নগৰ থানা এলেকাৰ সীতা হোটেলৰ সমীপৰ এটা তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত তিনিজন লোকৰ কৰুণ মৃত্যু হয়।
এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত এন ডি আৰ এফ আৰু স্থানীয় প্ৰশাসন উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় ৮ ঘণ্টা ধৰি চলা উদ্ধাৰ অভিযানৰ অন্তত চাৰিজন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে কৰুণ ঘটনাটোত মৃত্যু হোৱা লোক কেইজনক ক্ৰমে মনীষ দত্ত দ্বাৰী (৫০), সুনীল যাদৱ (৩৫) আৰু সুনীৰ যাদৱৰ পত্নী সোনী দেৱী (২৮) বুলি চিনাক্ত কৰা হৈছে। আহত লোক কেইজনক সদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা অনুসৰি, বিগত কিছু দিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ লগতে গ্ৰাউণ্ড ফ্লোৰত চলি থকা নিৰ্মাণকাৰ্যৰ বাবে অট্টালিকাটো অত্যন্ত দুৰ্বল হৈ পৰিছিল। ইয়াৰ পিছতে শনিবাৰ বিয়লিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে ৰাতিপুৱা অট্টালিকাটো খহি পৰে।
অট্টালিকাটো খহি পৰাৰ ফলত দ্বিতীয় আৰু তৃতীয় মহলাত থকা ভাড়াতীয়া লোকসকল ধ্বংসাৱশেষত আৱদ্ধ হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰশাসনৰ লোক ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই তিনিজন লোকে প্ৰাণ হেৰুৱাই আৰু চাৰিজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি প্ৰশাসনে জানিব দিয়ে।