১.শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মান কৰিছিল?
উ: অম্বিকা কুঁৱৰী
২.মহাধিৰাজ নামেৰে কাক জনা যায়?
উ: পুষ্য বৰ্মন
৩.আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাট কোনে প্ৰতিষ্ঠা কৰিছিল?
উ: স্বৰ্গদেউ গৌৰানাথ সিংহ
৪.কোন চনত আহোমসকলে মুংমাও এৰি অসমলৈ আহিছিল?
উ: ১২১৫ খ্ৰীষ্টাব্দত
৫.চৰাইদেউ পুৰণি নাম কি আছিল?
উ: চে-ৰাই-দয়
৬.কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায়?
উ: চুদাংফা
৭.কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল?
উ: স্বৰ্গ নাৰায়ণ
৮.কোনজন আহোম ৰজাৰ ৰাজত্বকালত কছাৰীসকলক থাপিতা-সঞ্চিতা বুলি কোৱা হৈছিল?
উ: দিহিঙীয়া ৰজা
৯.আহোমৰ প্ৰথমজন বৰপাত্ৰগোঁহাই কোন আছিল?
উ: কনচেং বৰপাত্ৰগোঁহাই
১০.কিমান চনত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল?
উ: ১৫৬৩ খ্ৰীষ্টাব্দত
১১.আহোম ৰজা চুচেংফাৰ হিন্দু নাম কি?
উ প্ৰতাপ সিংহ
১২.কোনজন আহোমৰজাৰ ৰাজত্বকালত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল?
উ: জয়ধ্বজ সিংহ
১৩.কিমান চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল?
উ: ১৬৬৯ চনত
১৪.ৰুদ্ৰসিংহই কত আহোমৰ ৰাজধানী স্থাপন কৰিছিল?
উ: ৰংপুৰত
১৫. কিমান চনত ইটাঘুলিৰ ৰণ সংঘটিত হৈছিল?
উ: ১৬৮২ চনত