শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মেইনপুৰী জিলাৰ বেৱাৰ থানাৰ অন্তৰ্গত ফাৰ্ৰুখাবাদত সংঘটিত হৈছে এক শিহৰণকাৰী পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত পাঁচজন লোকৰ থিতাতে মৃত্যু হয়।
মৃত আটাইকেইজন লোক একেটা পৰিয়ালৰে বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোসকলৰ ভিতৰত আছে এজন পুৰুষ, দুগৰাকী মহিলা আৰু দুটি শিশু।
প্ৰাপ্ত খবৰ অনুসৰি, চাৰিচকীয়া বাহনখনেৰে পৰিয়ালটোৱে ফাৰ্ৰুখাবাদ অভিমুখে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে চাৰিচকীয়া বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত বেৱাৰ থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই ঘটনাস্থলৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনে পলায়ন কৰে।
ইফালে এই শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই শোকপ্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।