দিল্লী বিধান সভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টি দলত মোক্ষম আঘাত। এজনৰ পিছত আনজন বিধায়কৰ দল ত্যাগে দিল্লী ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। দলটোৰ ৬ জন বিধায়কে দল ত্যাগ কৰাৰ খবৰ আহিছে।
পদত্যাগ কৰা সকলৰ ভিতৰত আছে জনকপুৰী সমষ্টিৰ বিধায়ক ৰাজেশ ঋষি, কস্তুৰবানগৰ সমষ্টিৰ বিধায়ক মদন লাল, মহৰোলীৰ বিধায়ক নৰেশ যাদৱ, ত্ৰিলোকপুৰীৰ বিধায়ক তথা দলিত নেতা ৰোহিত কুমাৰ, পালমৰ বিধায়ক ভাৱনা গৌড়, ৱিজবাছনৰ বিধায়ক ভূপেন্দ্ৰ সিং জুন আৰু ত্ৰিলোকপুৰী সমষ্টিৰ ৰোহিত মেহৰৌলিয়া।
এই আটাইকেইগৰাকী বিধায়কে আম আদমী পাৰ্টি আৰু দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি পদত্যাগ কৰে।
উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে অৰবিন্দ কেজৰিৱালে এই আটাইকেইগৰাকী বিধায়কৰে টিকট কৰ্তন কৰিছিল। কিন্তু দলটো একত্ৰিত হৈ থকা পৰিলক্ষিত হৈছিল যদিও ভোটগ্ৰহণৰ ঠিক পাঁচদিন পূৰ্বে ৬ জনকৈ জ্যেষ্ঠ নেতা তথা বিধায়কৰ দল ত্যাগে নিৰ্বাচনত কেজৰিৱালৰ দলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।