বুধবাৰে পুৱতি নিশা মহাকুম্ভত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত অসমৰ হাইলাকান্দি জিলাৰ এগৰাকী ৬৩ বছৰীয়া ব্যৱসায়ীৰ মৃত্যু হৈছে। আৰক্ষীয়ে জানিব দিয়ে এই কথা।
পদপিষ্টৰ ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা লোকজনক এলাহাবাদৰ পৰা বিমানেৰে শিলচৰলৈ লৈ অনা হ’ব বুলি জানিব দিয়ে হাইলাকান্দিৰ জিলা আৰক্ষী অধীক্ষক লীনা দলেই।
উল্লেখ্য যে, ওম ছুইটছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী নীতিৰঞ্জন পলে পৰিয়ালৰ সৈতে মহাকুম্ভত স্নান কৰিবলৈ যোৱা সপ্তাহত প্ৰয়াগৰাজলৈ ৰাওনা হৈছিল। পৰিয়ালটোৱে প্ৰয়াগৰাজৰ মাধপুৰ অঞ্চলত বাহৰ পাতিছিল।
নীতিৰঞ্জনৰ পত্নী গায়ত্ৰীয়ে আৰক্ষীক জনোৱা মতে, বৃহৎ সংখ্যক ভক্ত সমাবেত হোৱাৰ বাবে পৰিয়ালটো সোনকালে ঘাটত উপস্থিত হৈছিল আৰু সেইসময়তে পুৱা প্ৰায় ২.৩০ বজাত এক অৱৰ্ণীয় পৰিৱেশৰ সৃষ্টি হয়।
পৰিয়ালটোৰ সদস্যসকলে সহায় বিচাৰি চিঞৰ-বাখৰ কৰিছিল যদিও তেওঁলোকক সহায়ৰ বাবে ঘটনাস্থলত কোনো আৰক্ষী নাছিল বুলিও কয় পত্নী গায়ত্ৰীয়ে। বহু সময় বিচৰাৰ অন্তত নীতিৰঞ্জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাধীন অৱস্থাৰ সময়তে তেওঁৰ মৃত্যু হয়।
এই দুৰ্ভাগ্যজনক ঘটনাটোত অসম চৰকাৰে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। তদুপৰি মৃতকৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।
ইফালে ঘটনা সন্দৰ্ভত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক দলেই কয়, ‘নীতিৰঞ্জনৰ মৃত্যুৰ নিশ্চিত তথ্য আমি উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰা লাভ কৰিছো। মৃতদেহটো বুধবাৰ বা বৃহস্পতিবাৰে শিলচৰ আহি পাব। ইয়াৰ পিছত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা মৃতদেহটো স্থলপথেৰে হাইলাকান্দিলৈ লৈ অনা হ’ব।’
উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা মহাকুম্ভ মেলাত হোৱা পদপিষ্ট ঘটনাত প্ৰায় ৩০ জন ভক্তৰ মৃত্যু হয় আৰু ৬০ জনৰো অধিক লোক আহত হয়।