শুকুৰবাৰে দক্ষিণ আমেৰিকাৰ দেশ চিলি আৰু আৰ্জেণ্টিনাত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ অনুভূত হয়। এই ভূমিকম্প চিলি আৰু আৰ্জেণ্টিনাৰ সাগৰীয় উপকূলত অনুভৱ কৰা হৈছিল। এই প্ৰবল ভূমিকম্পৰ পিছতে আৰ্জেণ্টিনাত ছুনামীৰ সতৰ্কবাণী আৰু উপকূল অঞ্চলসমূহৰ পৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
উছুৱায়াৰ পৰা ২২২ কিলোমিটাৰ দক্ষিণে থকা ড্ৰেক পেচেজত সংঘটিত হয় এই ভূমিকম্প। ছুনামীৰ বাবে চিলিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ আৰু সঁহাৰি সেৱাই এন্টাৰ্কটিক অঞ্চলৰ উপকূলীয় অঞ্চল মেগেলান অঞ্চল খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
এই প্ৰৱল ভূমিকম্পৰ ফলত দুয়োখন দেশৰে পৰা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা নাই।