No Result
View All Result
শুকুৰবাৰে ২০২২ বৰ্ষৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হয় এই অনুষ্ঠান।
এই অনুষ্ঠানত চলচ্চিত্ৰ, তাৰকা আৰু পৰিচালক আদিৰ লগতে বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়।
হিন্দী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা মনোজ বাজপেয়ী আৰু শৰ্মিলা ঠাকুৰ অভিনীত ‘গুলমোহৰ’লৈ আগবঢ়োৱা হৈছে। একেদৰে শ্ৰেষ্ঠ মনোৰঞ্জনধৰ্মী চিনেমাৰ বঁটা লাভ কৰে ঋষভ চেট্টী অভিনীত “কান্তাৰা”ই।
পূৰ্বৰ দৰে এইবাৰো অসমীয়া ছবিয়ে চলচ্চিত্ৰ বঁটাত গৌৰৱ বুটলিবলৈ সক্ষম হৈছে৷ নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুৱালা উইটচ টু পদ্মশ্ৰীয়ে বিচাৰকৰ বিশেয বঁটা লাভ কৰে।
আনহাতে, পাৰ্থসাৰথি মহন্তৰ হাড়গিলা ছবিলৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়।পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা ‘হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (অসমীয়া)’য়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।
ইয়াৰ উপৰি কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ছবিখনে লাভ কৰে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা। আঞ্চলিক ভাষা শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছে ‘এমুঠি পুথি’ ছবিখনে।
শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত নৱপন ডেকাৰ ‘শূন্যতা’ই লাভ কৰে ৰজত কমল বঁটা। আকৌ তিৱা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান আগবঢ়োৱা হয় ড০ ববী শৰ্মা বৰুৱা পৰিচালিত ‘চিকাইশাল’লৈ।
No Result
View All Result