হাৰিয়ানা চৰকাৰৰ প্ৰাণ বায়ু দেৱতা আঁচনিৰ অধীনত ২০ জোপা গছে পেঞ্চনৰ অনুমোদন লাভ কৰিছে। দুবছৰ অপেক্ষাৰ অন্তত এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ২০ জোপা গছে এবছৰত ২৭৫০ টকা লাভ কৰিব।
প্ৰকৃততে যিজন ব্যক্তিৰ মাটিত ৭৫ বছৰীয়া পুৰণি গছ আছে তেওঁক এই আঁচনি প্ৰদান কৰাৰ ব্যৱস্থা আছে। পঞ্চায়তৰ মাটিত যিবোৰ গছ আছে সেইবোৰৰ বাবে পঞ্চায়তক পেঞ্চন দিয়াৰ ব্যৱস্থা আছে। এই গছৰ ডালৰ আকাৰৰ ভিত্তিত বন বিভাগে এই গছৰ বয়স অনুমান কৰিছে।
দুবছৰ পূৰ্বেই এই আঁচনি ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ ইয়াক কাৰ্যকৰী কৰিবলৈ বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, এই পেঞ্চনৰ সুবিধা লাভ কৰিবলৈ বন বিভাগে বান্ধি দিয়া চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক। কেৱল এয়াই নহয় আবেদন কৰাৰ পিছত বন বিভাগৰ এটা বিশেষজ্ঞৰ দলে ঘটনাস্থললৈ গৈ গছজোপাৰ কিমান বয়স হৈছে তাৰ পৰীক্ষা নিৰীক্ষা কৰে।
যদি বন বিভাগৰ চৰ্ত পূৰণ হয় তেন্তে বিশেষজ্ঞৰ দলটোৱে বন বিভাগৰ মুখ্য কাৰ্যালয়লৈ ইয়াৰ ফাইল প্ৰেৰণ কৰে। শেহতীয়াকৈ ২০ জোপা গছক পেঞ্চন দিয়াৰ সিদ্ধান্তও বন বিভাগৰ মুখ্য কাৰ্যালয়ে গ্ৰহণ কৰিছে।