আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট।
আজিৰ এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো।
উল্লেখ্য যে, ভাৰতবৰ্ষক আনুষ্ঠানিকভাৱে গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰি ১৯৫০ চনত ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱা দিনটোক গণৰাজ্য দিৱসৰ স্মৃতিত কৰা হয়।
মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এইয়া সম্ভৱ হৈ উঠিছিল। তেতিয়াৰে পৰা জানুৱাৰীৰ ২৬ দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি আহিছে।
ইফালে সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ’ব গণৰাজ্য দিৱস। খানাপাৰাত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাতীয় পতাকা উন্মোচন কৰিব।