আম আদমি পাৰ্টী চমুকৈ আপৰ বিধায়ক ৰমন অৰোৰাক গ্ৰেপ্তাৰ কৰিছে ভিজিলেন্স বিভাগে। ৰমন অৰোৰা জলন্ধৰৰ বিধায়ক। পঞ্জাৱ ভিজিলেন্স বিভাগে আজি বিধায়কগৰাকীৰ ঘৰত অভিযান চলাইছিল। আপ বিধায়কগৰাকীয়ে জলন্ধৰ পৌৰ নিগমৰ জৰিয়তে সাধাৰণ লোকলৈ ভুৱা জাননী প্ৰেৰণ কৰাৰ অভিযোগ।
ভুৱা জাননী প্ৰেৰণ কৰি বিধায়কজনে লোকসকলৰ পৰা ধন দাবী কৰি জাননীৰ লগত জড়িত বিষয়বোৰ নিষ্পত্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে অৰোৰাৰ নিৰাপত্তাও প্ৰত্যাহাৰ কৰিছিল।
ৰমন অৰোৰাক গ্ৰেপ্তাৰ সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ২০২২ চনত যেতিয়া আমি জনসাধাৰণে দিয়া দায়িত্ব গ্ৰহণ কৰিছিলো তেতিয়া কোনো কাৰণতে দুৰ্নীতি সহ্য কৰা নহ’ব বুলি আমি নিশ্চয়তা দিছিলো। আজি আকৌ এটা কথা স্পষ্ট হৈ পৰিছে যে আম আদমি পাৰ্টীয়ে কাকো ৰেহাই নিদিয়ে।