বিহালী সমষ্টিত শোচনীয় পৰাজয়ৰ পিছতেই নেতৃত্বৰ ৰোষত পৰিছে আম আদমী পাৰ্টীৰ জিলা পৰ্যায়ৰ এগৰাকী নেতা। জনসাধাৰণৰ আস্থা আদায়ত ব্যৰ্থ হোৱা আম আদমী পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতিক অপসাৰণ কৰিছে ৰাজ্যিক নেতৃত্বই।
দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অপসাৰণ কৰা হৈছে আপৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক।
বসুমতাৰীৰ বিৰুদ্ধে বিহালীত নিজ দলৰ প্ৰাৰ্থীক সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।
এই কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ বাবেই মেহুৱেল বসুমতাৰীক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক নেতৃত্বই।
আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক অপসাৰণৰ পিছত তৎকালীনভাৱে অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।