দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল আম আদমি পাৰ্টী চমুকৈ আপ আৰু কংগ্ৰেছ দলৰ মাজত বৃদ্ধি পাইছে বিবাদ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু আপৰ ৰাজ্যসভা সাংসদ সঞ্জয় সিঙে এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে।
সিঙে কয়, ‘অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰ বিৰোধী আখ্যা দিছে অজয় মাকেনে, ২৪ ঘণ্টাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি কংগ্ৰেছে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কংগ্ৰেছক ইণ্ডি মিত্ৰজোঁটৰ পৰা বাহিৰ কৰাৰ দাবী জনাব আপে।’
উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজয় মাকেন কংগ্ৰেছৰ কোষাধ্যক্ষ। তেওঁ কংগ্ৰেছ চৰকাৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীও আছিল।
সঞ্জয় সিঙে লগতে আৰু কয়, ‘দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তালিকা বিজেপিয়ে প্ৰস্তুত কৰা যেন লাগিছে, ‘আপ’ক ক্ষতি কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য।’
দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰাবলৈ কংগ্ৰেছে যৎপৰোনাস্তি চেষ্টা চলাই থকা বুলিও মন্তব্য কৰিছে সাংসদ সঞ্জয় সিঙে।
মুখ্যমন্ত্ৰী আতিশীয়ে কয়, ‘কংগ্ৰেছে আপক পৰাস্ত কৰি বিজেপিক জয়ী কৰিবলৈ গোপন বুজাবুজি কৰিছে। যদি তেনেকুৱা নহয়, তেন্তে ২৪ ঘন্টাৰ ভিতৰত অজয় মাকেনৰ বিৰুদ্ধে কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰক, মোৰ আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা যুৱ কংগ্ৰেছৰ বিৰুদ্ধে ব্যৱস্থা লওক।’
উল্লেখ্য যে, দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভত বুধবাৰে আপ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে শ্বেতপত্ৰ প্ৰকাশ কৰে। এই সময়ছোৱাত কংগ্ৰেছৰ নেতা অজয় মাকেনে দুয়োখন চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁ লগতে কৈছিল, ‘পূৰ্বে কেজৰিৱালক সমৰ্থন দিয়াটো আৰু মিত্ৰতা কৰাটো ভুল আছিল। কেজৰিৱাল ভৰসাৰ যোগ্য নহয়। তেওঁৰ কোনো আদৰ্শ নাই। কেজৰিৱাল ৰাষ্ট্ৰ বিৰোধী।’
স্মৰ্তব্য যে আপ আৰু কংগ্ৰেছ হৈছে ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ অংশীদাৰী দল। অৱশ্যে দুয়োটা দলে দিল্লী বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত আপে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো বুলি ঘোষণা কৰাৰ পিছতে দুয়োটা দলৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।