দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন মহান বেটছমেন এ বি ডি ভিলিয়াৰ্ছে প্ৰকাশ কৰিছে তেওঁৰ সৰ্বকালৰ শীৰ্ষ পাঁচজন এদিনীয়া বেটছমেনৰ নাম। ভিলিয়াৰ্ছৰ এই তালিকাত আছে কেইবাজনো ভাৰতীয়ৰ নাম। তেওঁৰ এই তালিকাত ভাৰতৰ তিনিজন ক্ৰিকেটাৰৰ উপৰি স্থান দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং আৰু দক্ষিণ আফ্ৰিকাৰ মহান অল-ৰাউণ্ডাৰ জেক কালিছক।
আনহাতে তেওঁৰ তালিকাত থকা ভাৰতীয় ক্ৰিকেটাৰ কেইগৰাকী হৈছে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী আৰু এম এছ ধোনী। এই তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে ২০১১ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ ঐতিহাসিক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আনহাতে ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়া বিশ্বকাপত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈকে একেৰাহে তিনিটাকৈ বিশ্বকাপ খিতাপ জয় কৰা দলটোৰ অংশ আছিল। ইয়াৰে ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপত তেওঁ অষ্ট্ৰেলিয়ান দলৰ অধিনায়ক আছিল।
আনহাতে, ডি ভিলিয়াৰ্ছৰ তালিকাত জেক কালিছ হৈছে এদিনীয়া বিশ্বকাপ জয় নকৰা একমাত্ৰ খেলুৱৈ। কিন্তু ১৯৯৮ চনৰ চেম্পিয়নছ ট্ৰফীত দক্ষিণ আফ্ৰিকাৰ একমাত্ৰ আই চি চি ট্ৰফী জয়ত তেওঁৰ যথেষ্ট অৰিহণা আছিল।
ছেমি ফাইনেলত দৰ্শনীয় শতক অৰ্জন কৰাৰ লগতে ফাইনেলত ৫টা উইকেট দখল কৰি নিজৰ দলটোক খিতাপ দখল কৰাত সহায় কৰে।
আনহাতে এই কেইগৰাকী ক্ৰিকেটাৰৰ যদি ব্যক্তিগত পৰিসংখ্যা চাওঁ তেন্তে ৪৬৩খন এদিনীয়া মেচত ১৮,৪২৬ ৰানেৰে শীৰ্ষত আছে শচীন তেণ্ডুলকাৰ। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ তৃতীয় স্থানত আছে বিৰাট কোহলী। কোহলীয়ে ৩০১খন এদিনীয়াত সৰ্বাধিক ৫১টা শতকৰ সহায়েৰে ১৪,১৮০ ৰান সংগ্ৰহ কৰিছে।
আনহাতে ৩৭৫ খন এদিনীয়াত ১৩,৭০৪ ৰান সংগ্ৰহ কৰা ৰিকি পণ্টিং আছে এই তালিকাৰ চতুৰ্থ স্থানত। জেকছ কালিছ আৰু এম এছ ধোনী ক্ৰমে ১১,৫৭৯ আৰু ১০,৭৭৩ ৰানৰ সৈতে অষ্টম আৰু দ্বাদশ স্থানত আছে।
ভিলিয়াৰ্ছে বাছনি কৰা সৰ্বকালৰ শ্ৰেষ্ঠ শীৰ্ষ পাঁচ বেটছমেন
১. ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া)
২. শচীন তেণ্ডুলকাৰ (ভাৰত)
৩. বিৰাট কোহলী (ভাৰত)
৪. জেকছ কালিছ (দক্ষিণ আফ্ৰিকা)
৫. এম এছ ধোনী (ভাৰত)