চলিত আই পি এল ছিজনৰ আজি চূড়ান্ত মেচ। এই হাইভল্টেজ ফাইনেল মেচখন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ জৰিয়তে ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব আই পি এলৰ নতুন চেম্পিয়ন দল।
ফাইনেল মেচখনৰ পূৰ্বে প্ৰাক্তন ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে বন্ধু বিৰাট কোহলীৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ভিলিয়াৰ্ছে আৰ চি বিক জয়ৰ বাবে শুভকামনা জনাইছে।
ষ্টাৰ স্প’ৰ্টছে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ভিলিয়াৰ্ছে কৈছে, ‘বিৰাট কোহলীলৈ মোৰ বিশেষ বাৰ্তা যে বাহিৰলৈ যাওক আৰু আনন্দ-ফুৰ্তি কৰক.. হাঁহি থাকক। মই তোমাক চাই থাকিম। ঘৰলৈ লৈ আহা আই পি এল ট্ৰফী.. প্ৰতিটো মুহূৰ্তৰ আনন্দ লোৱা।’
আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ফাইনেলখন দুয়োটা দলৰ বাবে বিশেষ স্মৰণীয় হৈ ৰ’ব। কিয়নো প্ৰথমবাৰৰ বাবে আই পি এল ট্ৰফীৰ জয়ৰ সোৱাদ পাব যিকোনো এটা দলে।
উল্লেখ্য যে, দ্বিতীয়খন কোৱালিফায়াৰ মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পাঁচ উইকেটৰ ৰোমাঞ্চকৰ জয়ৰে ফাইনেলত স্থান নিশ্চিত কৰিছিল পঞ্জাব কিংছে। আনহাতে প্ৰথমখন কোৱালিফায়াৰত পঞ্জাৱক পৰাস্ত কৰি আৰ চি বিয়ে ফাইনেলত স্থান নিশ্চিতত কৰিছিল।
এই ছিজনত আৰচিবিয়ে পঞ্জাব কিংছক দুবাৰকৈ পৰাস্ত কৰিছে। অৱশ্যে দুৰ্দান্ত ফৰ্মত থকা পঞ্জাবক ফাইনেল েচখনত পৰাস্ত কৰাটো আৰ চি বিৰ বাবে সহজ নহ’ব।
উল্লেখ্য যে, দুয়োটা দলেই লীগ পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। সেই অনুসৰি ১৮ সংখ্যক ফাইনেল মেচখনো যথেষ্ট ৰোমাঞ্চকৰ হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।