ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ ধনী অভিনেতাৰ কথা ক’লে বহু নাম মনলৈ আহে। কিন্তু আপুনি জানেনে ভাৰতীয় চিনেমাৰ আটাইতকৈ ধনী অভিনেত্ৰী কোন। শেহতীয়াকৈ প্ৰকাশ পোৱা এখন তালিকাত ইয়াৰ উত্তৰ পোৱা গৈছে। জুহি চাওলাক ৪৬০০ কোটি টকাৰ সম্পত্তিৰে ধনী অভিনেত্ৰী হিচাপে অভিহিত কৰা হৈছে।
পিছে ইতিহাসৰ পৃষ্ঠাত জুহিতকৈও বহুগুণ ধনী আৰু প্ৰভাৱশালী এগৰাকী অভিনেত্ৰীৰ নাম সন্নিৱিষ্ট হৈ আছিল। আজি আমি জানিম সেই অভিনেত্ৰীগৰাকীৰ কিছু কাহিনী।
১০ হাজাৰৰো অধিক দামী আৰু মিহি শাৰী, ২৮ কেজিতকৈ অধিক সোণৰ গহনা আৰু অতি দামী জোতা আৰু চেণ্ডেল। এই সকলোবোৰ ৰাজকুমাৰী বা ৰাণীৰ ৱাৰ্ডৰবৰ এটা অংশ যেন লাগে।
কিন্তু এই সকলোবোৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰীৰ লগত আছিল। আমি তামিল আৰু তেলেগু ছবিৰ সফল অভিনেত্ৰী জয়াললিতাৰ কথা ক’বলৈ ওলাইছো।
মাত্ৰ ১৫ বছৰ বয়সতে অভিনয় জীৱন আৰম্ভ কৰা জয়াললিতাই বহু হিট ছবি আমাক উপহাৰ হিচাপে দিছিল। জয়াললিতাই ছুপাৰষ্টাৰ এম জি আৰক নিজৰ গুৰু হিচাপে গণ্য কৰিছিল। অকল জয়াললিতাই এম জি আৰৰ সৈতে ২৮খন ছবিত কাম কৰিছিল।
জয়াললিতাই চলচ্চিত্ৰ জগতৰ পৰা অপৰিসীম ধন উপাৰ্জন কৰিছিল যদিও জয়াললিতাই ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছতহে তেওঁৰ প্ৰকৃত সম্পদ হাতত আহিব ধৰে।
এবাৰ জয়াললিতাৰ ঘৰত চি বি আইৰ অভিযান হয়। এই অভিযানত জয়াললিতাৰ ঘৰৰ পৰা যি যি উদ্ধাৰ হয়, সেয়া দেখি সকলোৱে স্তম্ভিত হৈ পৰিল। চিবিআইৰ অভিযানত জয়ললিতাৰ ঘৰৰ পৰা ২৮ কেজি সোণ, ১০ হাজাৰৰো অধিক শাৰী আৰু ৭৫০ যোৰ অতি দামী জোতা উদ্ধাৰ কৰা হয়।
১৯৯৭ চনত এই অভিযানৰ পিছত জয়ললিতাৰ বিৰুদ্ধে ১৯৯ কোটি টকাৰ সম্পত্তি দেখুওৱা হৈছিল যদিও সেই সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৯০০ কোটিতকৈও অধিক। যদি বৰ্তমানৰ দাম অনুযায়ী এই সম্পত্তি চোৱা হয়, তেন্তে এতিয়া ইয়াৰ মূল্য হ’ব ৫০০০ কোটি টকা।