ৰাজ্য জোকাৰি যোৱা এটা দুৰ্ঘটনাৰ গোচৰত অসমৰ ছবি জগতৰ অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰিছে অসম আৰক্ষীয়ে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছামিউল হক নামৰ এজন যুৱকৰ মৃত্যুৰ পিছতেই তেওঁক আটক কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ২৫ জুলাইৰ মাজনিশা গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত নন্দিনীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছামিউল হক। ইয়াৰ পিছৰে পৰা চিকিৎসাধীন হৈ থকা ছামিউলৰ মঙলবাৰে বিয়লি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে।
যুৱকজনৰ মৃত্যুৰ পিছতেই সাধাৰণ লোকৰ লগতে বিভিন্ন দল-সংগঠনে অভিনেত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল। সাধাৰণ লোকৰ প্ৰতিবাদ তথা দাবীৰ পিছতেই মঙলবাৰে নিশা উত্তৰ গুৱাহাটীত থকা ৰাজধানী থিয়েটাৰৰ আখৰাগৃহৰ পৰা পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে অভিনেত্ৰীগৰাকীক।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, সম্প্ৰতি আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক দিশপুৰ আৰক্ষী থানালৈ আনি আছে। আজি গোটেই নিশা দিশপুৰ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক জেৰা চলোৱাৰ সম্ভাৱনা আছে।