আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ ‘এডভাণ্টেজ আছাম ২.০’। ‘এডভাণ্টেজ আছাম ২.০’ৰ সন্মিলন উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এডভাণ্টেজ আছাম’ৰ এইয়া দ্বিতীয় সংস্কৰণ।
এই সন্মিলনত প্ৰধানমন্ত্ৰীক গামোচা, গঁড়ৰ প্ৰতিকী স্মাৰক আৰু কামাখ্যা মন্দিৰৰ স্মাৰকেৰে আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।
এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ লৈছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, জোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে। এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে দেশী-বিদেশী বিনিয়োগকাৰীৰে ভৰি পৰিছে গুৱাহাটী মহানগৰ।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী, উদ্যোগপতি গৌতম আদানীকে ধৰি ভাৰতৰ বহুকেইজন বিশিষ্ট উদ্যোগপতি উপস্থিত থাকে। লগতে ৬১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে এডভাণ্টেজ আছাম ২.০ত।