আফ্ৰিকাৰ উগাণ্ডাত প্ৰায় ৩০০ লোক এক ৰহস্যজনক ৰোগৰ বলি হৈছে। এই ৰোগক “ডিংগা ডিংগা” নাম দিয়া হৈছে। এক প্ৰতিবেদন অনুসৰি, এই ৰোগে মূলতঃ মহিলা আৰু ছোৱালীক সংক্ৰমিত কৰিছে।
এই ৰোগৰ কাৰণে অধিক শৰীৰত অত্যাধিক জ্বৰ উঠে আৰু শৰীৰটো অবিৰতভাৱে কঁপি থাকে। শৰীৰৰ অত্যধিক কঁপনিৰ বাবে এই ৰোগৰ ৰোগীৰ বহুত কঁপনি উঠে, সেয়েহে বিশেষজ্ঞসকলে এই ৰোগটোক ডিংগা ডিংগা অৰ্থাৎ নৃত্য ৰোগ বুলি নামকৰণ কৰিছে।
আফ্ৰিকাৰ স্বাস্থ্য বিষয়া ডাঃ কিয়িতা ক্রিষ্টোফাৰে কয় যে, বৰ্তমান এই ৰোগত এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা চলি আছে। অৱশ্যে বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু হোৱা নাই৷
কিন্তু এই ৰোগ কেনেদৰে আহিছে আৰু কিয় বিয়পিছে সেই সন্দৰ্ভত স্বাস্থ্য বিভাগে এতিয়াও কোনো সঠিক তথ্য লাভ কৰা নাই। সাধাৰণতে এসপ্তাহৰ ভিতৰতে ৰোগীসকল সুস্থ হৈ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি ৩৯৪টা ৰোগী পঞ্জীয়ন কৰা হৈছে।
ডিংগা, ডিংগা জ্বৰৰ লক্ষণসমূহ কি কি-
- জ্বৰ
- মূৰৰ বিষ
- কাঁহ
- শৰীৰৰ বিষ
কিয় এই ৰোগ বিয়পি আছে?
আফ্ৰিকাৰ স্বাস্থ্য বিভাগে ডিংগা, ডিংগা ৰোগ বিয়পি পৰাৰ কাৰণৰ তদন্ত কৰি আছে। ইনফ্লুৱেঞ্জা, ক’ভিড-১৯, মেলেৰিয়া বা মিজিলছৰ দৰে সংক্ৰমণ এই ৰোগৰ কাৰণ নেকি তদন্ত চলি আছে যদিও বৰ্তমান সময়ত ডিংগা ডিংগা ৰোগৰ সংক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই।
এই ৰোগ বিয়পি পৰা অঞ্চলত ৰাইজক সজাগ হৈ থাকিবলৈ কোৱা হৈছে। এই ৰোগ সংক্ৰামক বুলি গণ্য কৰা হয় আৰু ইয়াৰ সংক্ৰমণ এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে বুলি আশংকা কৰা হয়।
বিগত তিনিমাহত আফ্ৰিকাত বহু ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। ইতিমধ্যে এই ৰোগৰ বিষয়ে মানুহক সতৰ্ক কৰি দিয়া হৈছে।