• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে দলে কাম কৰি যাব : অগপৰ প্ৰতিষ্ঠা দিৱসত অতুল বৰা

অগপৰ গৌৰৱোজ্জ্বল সংগ্ৰামী পতাকাৰ তলত সমবেত হ'বলৈ আহ্বান সভাপতি অতুল বৰাৰ

Nation NE by Nation NE
October 14, 2024
in Top News, অসম, ৰাজনীতি
0 0
অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে দলে কাম কৰি যাব : অগপৰ প্ৰতিষ্ঠা দিৱসত অতুল বৰা
Share on FacebookShare on TwitterWhatsApp

ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত গোলাঘাট চহৰত জন্মলাভ কৰা অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাজ্যজুৰি উদযাপন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেন্দ্ৰীয় ভাৱে বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয়।

দলটোৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আৰু চাবুৱা সমষ্টি সমিতিৰ উদ্যোগত জেৰাই ৰজা চুক খেলপথাত দিনজোৰা বিশাল কাৰ্য্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱা প্ৰভাতী সংগীত, দলীয় নেতৃত্বক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনাৰ পিছত দলৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। শ্বহীদ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সতীৰ্থ সোৱঁৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। কেইবা সহস্ৰাধিক দলীয় সদস্য, বিষয়ববীয়া আৰু শুভাকাঙ্খী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সভাপতি অতুল বৰাই।

সভাপতিৰ ভাষণত কয় যে, জন্মৰ আঁৰত অসম গণ পৰিষদৰ সংগ্ৰাম আৰু ত্যাগ আছে। বৰাই জাতীয় শ্বহীদ সকলক স্মৰণ কৰি আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত আয়োজিত অগপৰ ৪০তম প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধা জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।

বৰাই এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলৰ গৌৰৱময় পতাকাৰ তলত থিয় হৈ পুনৰবাৰ অসমৰ জাতীয় জীৱন, জাতীয়তাবাদক শক্তিশালী কৰাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। অসম মাতৃৰ বুকুত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱেৰে ধৰি অসমৰ ৰাইজৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৰাই কয় যে, দলে অসমৰ স্বাৰ্থত জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অসমৰ ৰাইজক সেৱা কৰি যাব।

অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষা আৰু ৰাজ্যখনৰ বিকাশৰ বাবে দলৰ প্ৰতিগৰাকী সদস্য দায়বদ্ধ বুলি উল্লেখ কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত বিশ্বাস আৰু একতাৰ মাজেৰে অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰে।

দিন বাগৰাৰ লগে লগে আঞ্চলিকতাবাদৰ প্ৰাসংঙ্গীকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি মতপোষণ কৰি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, দলৰ তৃণমূল সদস্যসকল হৈছে দলটোৰ মূল চালিকা শক্তি। দলক সৰ্বস্তৰতে শক্তিশালী কৰা তৃণমূল পৰ্য্যায়ৰ সদস্যসকলৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি মহন্তই কয় যে, সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দল এক ঐক্যবদ্ধ শক্তি। অসমৰ প্ৰতিটো জাতীয় বিষয়ত দলে অতি গুৰুত্ব সহকাৰে আৰু ধাৰাবাহিক ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে। অসম গণ পৰিষদ দল এক আঞ্চলিকতাবাদী দল হলেও দলৰ এক সৰ্বভাৰতীয় দৃষ্টিভঙ্গী আছে। ৰাজ্যখনৰ উন্নয়ণৰ স্বাৰ্থত, ৰাজ্য খনৰ সমস্যাসমূহ সমাধানৰ স্বাৰ্থত সময়ৰ আহ্বান দলে মানি চলিবলগীয়া হৈছে। দলে মূল লক্ষ্য আৰু আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ বুলি মহন্তই মন্তব্য প্ৰকাশ কৰে।

আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা সাধাৰণ সম্পাদক পোনাকণ বৰুৱাই। উদ্দেশ্য বাখ্যা কৰে সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। মুকলি সভাত দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, তোলন কোৱঁৰ, ড০ তপন দাস, জ্যোতিমণি মৰাণ, উপ-সভাপতি কুমাৰ দীপক দাস, পৃথ্বীৰাজ ৰাভা, জ্যোতিষ দাস, তুলসী গগৈ, দিগন্ত শইকীয়া, পুতুল সোণোৱাল, পুতুল বৰুৱা, মামনি বৰা, অপূৰ্ব ভট্টাচাৰ্য্য, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা,ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি দলটোৰ সকলো শীৰ্ষ নেতৃত্ব আৰু জিলা সমিতি সমূহ, সমষ্টি সমিতিসমূহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

আনহাতে অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস নলবাৰী, জালুকবাৰী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, বঙাইগাওঁ, গোলাঘাট, যোৰহাট, বোকাখাত, কলিয়াবৰ, নগাওঁ, লখিমপুৰ, বিহপুৰীয়া, মাজুলী, মৰিগাঁও, বিশ্বনাথ, তেজপুৰ, মঙ্গলদৈ, দলগাঁও, ছিপাঝাৰ, ছয়গাওঁ, গৌৰীপুৰ, ধুবুৰী, গোৱালপাৰা, দুধনৈ, অভায়াপুৰী, ৰঙিয়া, কমলপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, তামুলপুৰ, ডিমৰীয়া, বৰক্ষেত্ৰী, টিহু, বজালী, হাজো, পলাশবাৰী, বকো, বিলাসীপাৰা আদি বিভিন্ন সমষ্টিত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।

দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত নিউ গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ পতাকা উত্তোলন কৰে দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। এই উপলক্ষে মুখ্য কাৰ্য্যালয়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সন্ধিয়ালৈ মুখ্য কাৰ্য্যালয়ৰ লগতে সকলো জিলা আৰু বিধান সভা সমষ্টি সমিতিৰ কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰা হয়।

Tags: #AssamAGPAtul Borapolitics

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025