কানপুৰৰ বিখ্যাত কেশৰ পান মছলা কোম্পানীৰ স্বত্বাধিকাৰী হৰিশ মাখিজাৰ পত্নী প্ৰীতি মাখিজাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ইটাৱাৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই দুৰ্ঘটনা।
খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰীতি মাখিজাৰ লগত কানপুৰৰ সুৰা ব্যৱসায়ী তিলক ৰাজ শৰ্মাৰ পত্নী আৰু এজন চালক আছিল। এই দুৰ্ঘটনাত প্ৰীতি মাখিজাৰ মৃত্যু হোৱাৰ বিপৰীতে আনগৰাকী মহিলা আৰু চালকজন গুৰুতৰভাৱে আহত হয়।
ব্যক্তিগত অনুষ্ঠানত অংশ ল’বলৈ আগ্ৰা অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ অনুসৰি, গাড়ীখনৰ টায়াৰ ফাটি যোৱাৰ ফলত গাড়ীখন পথৰ ওপৰত বাগৰি পৰে।
মৃত প্ৰীতি মাখিজাৰ পুত্ৰ পীয়ুষ মাখিজাই জানিবলৈ দিয়া অনুসৰি প্ৰৱল বৃষ্টিপাত আৰু তীব্ৰ বেগৰ বাবে গাড়ীখনৰ টায়াৰ ফাটি যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতেই প্ৰাণ হেৰুৱাই প্ৰীতি মাখিজাই।