মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ। অৱতৰণৰ সময়তে নিয়ন্ত্ৰণৰ বাহিৰত গৈ দুৰ্ঘটনাগ্ৰস্ত হয় এই চাৰ্টাৰ্ড বিমানখন।
জানিব পৰা মতে বিমানখনত আছিল ৬ গৰাকীকৈ যাত্ৰী। বৰ্তমানলৈকে অজিত পাৱাৰসহ ৬ গৰাকী লোকৰেই মৃত্যুৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাত নিহত হয় অজিত পাৱাৰৰ ব্যক্তিগত দেহৰক্ষী, ব্যক্তিগত সচিব, পাইলট আৰু এগৰাকী কেবিন ক্ৰু। মহাৰাষ্ট্ৰৰ দীৰ্ঘ সময়ৰ বাবে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল পাৱাৰ। ৮ বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল অজিত পাৱাৰ।
এখন নিৰ্বাচনী সভাত অংশ লবলৈ গৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল NCP নেতাগৰাকী।আজি পুৱাৰ ভাগতে এই শোকাৱহ ঘটনা সংঘটিত হয়। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে।








