উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ শাহুৱেক আৰু হ’বলগীয়া জোঁৱাইৰ প্ৰেম কাহিনী চৰ্চা শেষ নহওঁতেই আনহাতে শেহতীয়াকৈ এটা ঘটনা পোহৰলৈ আহিছে য’ত ৪ সন্তানৰ মাতৃয়ে নিজৰ প্ৰেমিকৰ সৈতে পলায়ন কৰে।
কিন্তু মহিলা গৰাকীয়ে পলাই যাওঁতে নিজৰ ৪ সন্তানকো লগত লৈ যায়। লগতে লৈ যায় ঘৰত ৰখা ১ লাখ ৭ হাজাৰ নগদ ধন আৰু সোণ-ৰূপৰ গহনা।
ইফালে নিজ পত্নীয়ে প্ৰেমিকৰ সৈতে পলাই যোৱাৰ খবৰ পোৱাৰ পিছত হতভম্ব হৈ পৰে স্বামী। শেষত উপায়ন্তৰ হৈ ভুক্তভোগী স্বামীয়ে এছ এছ পিৰ কাৰ্যালয়ত উপস্থিত হৈ পত্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। স্বামীয়ে কয় যে, তেওঁ নিজৰ পত্নী আৰু সন্তানক ঘূৰাই বিচাৰে।
আচলতে আলিগড় জিলাৰ ৰ’ৰাভাৰ থানা এলেকাৰ এটা স্থানীয় অঞ্চলত বাস কৰা এজন যুৱকে শ্ৰমিক হিচাপে কাম কৰে। পত্নী, ৪ সন্তান আৰু মাতৃৰ সৈতে একেলগে বাস কৰে। পিছে কিছুদিন পূৰ্বে নিজৰ আত্মীয়ৰ ঘৰত বিবাহ অনুষ্ঠানত অংশ ল’বলৈ মাতৃৰ সৈতে ওলাই গৈছিল ভুক্তভোগী যুৱকজনে। পিছদিনাখন তেওঁ ঘৰলৈ উভতি আহে।ঘৰলৈ আহি পত্নী আৰু সন্তানক ঘৰত নেদেখি আচৰিত হয় যুৱকজন।
কিয়নো ঘৰত স্বামী নথকাৰ সুযোগ লৈ পত্নীয়ে ৪ সন্তানক লগত লৈ প্ৰেমিকৰ সৈতে পলাই যায়। ইয়াৰ পিছত তেওঁলোক আগ্ৰাৰ তাজমহলত উপস্থিত হয় আৰু তাজমহলৰ পৰাই ৰীল বনাই স্বামীয়ে প্ৰেৰণ কৰে। এই ৰীল যেতিয়া স্বামীয়ে দেখে, তেতিয়া তেওঁ থতমত খায়।
ৰীল চোৱাৰ পিছত লগে লগে ভুক্তভোগী স্বামীয়ে আৰক্ষীৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ পৰা এজাহাৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অতি শীঘ্ৰে পত্নী আৰু সন্তানক ঘূৰাই আনিবলৈ আৰক্ষীক আহ্বান জনাই স্বামীয়ে।