মথুৰাৰ কৃষ্ণ জনমভূমি আৰু শ্বাহী ঈদগাহ গোচৰত আদালতত মুখ থেকেচা খালে মুছলিম পক্ষই। এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে মুছলিম পক্ষৰ আৱেদন।
এই গোচৰত হিন্দু পক্ষই ১৮ খন আৱেদন দাখিল কৰি ঈদগাহ মছজিদৰ ভূমি হিন্দুৰ বুলি দাবী কৰিছিল। লগতে তাত হিন্দুক পূজা কৰাৰ অধিকাৰ প্ৰদান কৰিবলৈ অনুমতি বিচাৰি দাখিল কৰিছিল আৱেদন।
ইয়াৰ পিছতেই মুছলিম পক্ষই Places of Worship Act, Waqf Act, Limitation Act and Specific Possession Relief Act-ৰ দোহাই দি হিন্দু পক্ষৰ আৱেদন খাৰিজ কৰিবলৈ আদালতত আৱেদন জনাইছিল। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ে মুছলিম পক্ষৰ এই আৱেদন খাৰিজ কৰে।
অৰ্থাত্ এতিয়া হিন্দু পক্ষৰ ১৮ খন আৱেদনৰ ওপৰত একেলগে শুনানি প্ৰদান কৰিব আদালতে। ন্যায়াধীশ ময়াংক কুমাৰ জৈন বিচাৰপীঠে প্ৰদান কৰে এই ৰায়।