এলাহাবাদ উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত দিছে, যি সিদ্ধান্তক সকলোৱে প্ৰশংসা কৰিছে। দৰাচলতে এলাহাবাদ আদালতে ইটাৱা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীক ৰমজানত দিনটোত পাঁচবাৰকৈ নামাজ পঢ়াৰ অনুমতি দিছে আৰু পবিত্ৰ কোৰাণ শ্বৰীফো লগতে ৰখাৰ অনুমতিৰ দিছে।
আচলতে আবিদ নামৰ এজন ব্যক্তিয়ে এলাহাবাদ জেলত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে। তেওঁৰ পত্নীয়ে আদালতক অনুৰোধ কৰিছিল যে, তেওঁৰ স্বামীক ৰমজানত নামাজ আৰু কোৰাণ পঢ়াৰ অনুমতি দিব লাগে। ন্যায়াধীশ অশ্বনী কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ নন্দ প্ৰভা শুক্লাই তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত লৈছে।
দৰাচলতে উজমা আবিদে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে আৰু কৈছিল যে তেওঁৰ স্বামীক ইটাৱা কেন্দ্ৰীয় কাৰাগাৰত দাখিল কৰা হৈছে আৰু জেল প্ৰশাসনে তেওঁক দিনটোত পাঁচবাৰকৈ নামাজ দিবলৈ অনুমতি নিদিয়ে। ইয়াৰ বাহিৰেও তেওঁৰ পৰা কোৰাণ কাঢ়ি লৈ যায় জেল প্ৰশাসনে।
এই গোচৰত ৰায়দান দিওঁতে আদালতে কয় যে, আবেদনকাৰীৰ স্বামীক ধৰ্মীয় বিশ্বাস পালন কৰিবলৈ দিয়াটো নিশ্চিত কৰিব লাগে আৰু ৰমজানত দিনটোত পাঁচবাৰ নামাজ পঢ়াৰো অনুমতি দিয়ে। ইয়াৰ লগতে তেওঁক কোৰাণ ৰখাৰো অনুমতি দিয়ে আদালতে। ২০০৫ চনত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে কয়দীজনে।