মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২ এপ্ৰিলত ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।তেতিয়াৰ পৰাই বাণিজ্যিক যুদ্ধৰ পৰিস্থিতি অটুট আছে।
আজি পুনৰ আমেৰিকাই চীনৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ পিছতে বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত বাণিজ্যিক যুদ্ধ আৰম্ভ হৈছে।
ইফালে, আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰে এক ডাঙৰ বিবৃতি দিছে। তেওঁ দাবী কৰিছে যে ভাৰত, আৰ্জেণ্টিনা, ভিয়েটনাম, ইজৰাইলৰ দৰে দেশসমূহে আৰোপ কৰা শুল্ক হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ আমেৰিকাৰ চেনেটৰ বিত্ত সমিতিত এই কথা প্ৰকাশ কৰে, য’ত তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য নীতিক ন্যায্যতা প্ৰদান কৰে।
জেমিছন গ্ৰীৰৰ মতে, এই দেশসমূহে আমেৰিকা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি শুল্ক হ্ৰাস কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। অৰ্থাৎ আমেৰিকাই যদি শুল্ক হ্ৰাস কৰে, তেন্তে তেওঁলোকেও একে নীতি মানি চলিব। কৃষিৰ ওপৰত আমেৰিকাই আৰোপ কৰা ৫% শুল্কক ভাৰতৰ গড় কৃষি শুল্ক ৩৯%ৰ সৈতে তুলনা কৰি গ্ৰীৰে কয় যে ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে অপাৰস্পৰিক বাণিজ্য নীতিয়ে আমেৰিকাৰ বাবে কেনেদৰে লোকচানৰ সৃষ্টি কৰে।
গ্ৰীৰৰ মতে, ভাৰতকে ধৰি বহু দেশে এতিয়া ট্ৰাম্পৰ শুল্ক নীতিক গুৰুত্বসহকাৰে লৈ শুল্ক হ্ৰাস কৰাৰ দিশত কাম কৰি আছে। তেওঁ কয় যে প্ৰায় ৫০খন দেশে ট্ৰাম্প প্ৰশাসনৰ সদস্যৰ সৈতে যোগাযোগ কৰিছে। আমেৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ বাবে বহু আগ্ৰহ প্ৰকাশ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
গ্ৰীৰে পৰিসংখ্যাৰ উদ্ধৃতি দি দেখুৱাইছে যে ১৯৯৪ চনৰ পৰা আমেৰিকাই ৫০ লাখ চাকৰি আৰু ৯০ হাজাৰ কাৰখানা হেৰুৱাইছে। এসময়ত বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ থকা কৃষি খণ্ড এতিয়া লোকচানৰ সন্মুখীন হৈছে। বিশেষকৈ বাইডেন প্ৰশাসনৰ বিগত দুবছৰত এনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এই সকলোবোৰ পৰিৱৰ্তন একপক্ষীয় শুল্ক, বাণিজ্যিক বাধা, আৰু বৈদেশিক প্ৰতিযোগিতামূলক নীতিৰ ফল যিয়ে আমেৰিকাত বৃহৎ লোকচানৰ সৃষ্টি কৰিছে।
গ্ৰীৰে ট্ৰাম্প প্ৰশাসনৰ নীতিক কেৱল বাণিজ্যিক কৌশল নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৌশল বুলিও অভিহিত কৰে। তেওঁ কয় যে, আমেৰিকাই আৰোপ কৰা শুল্কৰ বাবে বিশ্বৰ বহু দেশে নিজৰ বাণিজ্যিক নীতি উন্নত কৰাৰ চেষ্টা কৰিছে। তেওঁ কয় যে ড’নাল্ড ট্ৰাম্পৰ আগ্ৰাসী বাণিজ্য নীতিয়ে এতিয়া বিশ্বজুৰি প্ৰভাৱ পেলাইছে।